thumbnail

By

Published : May 26, 2021, 7:31 PM IST

ETV Bharat / Videos

ক'ভিড পৰিস্থিতি সন্দৰ্ভত কণ্ঠশিল্পী নীল আকাশৰ প্ৰতিক্ৰিয়া

ক'ভিডে ৰাজ্যত এক প্ৰকাৰে ত্ৰাসৰ সৃষ্টি কৰিছে । প্ৰতিদিনে ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে ক'ভিডত আক্ৰান্ত হৈ ইতিমধ্যে বহুলোকে প্ৰাণ হেৰুৱাইছে । ক'ভিডৰ এনে ভয়াৱহ পৰিস্থিতিত ৰাজ্য চৰকাৰে নীতি-নিৰ্দেশনা জাৰি কৰাৰ সমান্তৰালকৈ ৰাইজক ক'ভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে । বুধবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে কয় যে, ক'ভিডৰ এনে পৰিস্থিতিত সকলোৱে সজাগ-সচেতন হৈ থকাৰ লগতে ক'ভিড প্ৰট'কল মানি চলিব লাগে । আনহাতে, বিগত বৰ্ষৰ পৰা ক'ভিড পৰিস্থিতিৰ বাবে শিল্পী তথা কলা-কুশলী সকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে । এই ক্ষেত্ৰত চৰকাৰক দুৰ্দশাগ্ৰস্ত শিল্পী সকলক সহায় কৰিবলৈ আহ্বান জনায় । উল্লেখ্য যে ক'ভিডৰ এনে ভয়াৱহ পৰিস্থিতিত সকলোকে ধৈৰ্য্যৰে মোকাবিলা কৰিবলৈ আহ্বান জনোৱাৰ লগতে শীঘ্ৰে ভালদিন আহিব বুলি আশা প্ৰকাশ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.