"উত্তৰ পূৱৰ 25 জন সাংসদৰ 19 জনেই নেডাৰ" - শংকৰদেৱ কলাক্ষেত্ৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 9, 2019, 1:39 PM IST

গুৱাহাটী, 9 ছেপ্টেম্বৰঃ "উত্তৰ পূবৰ 25 জন সাংসদৰ 19 জনেই নেডাৰ" ৷ দেওবাৰে শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত নেডাৰ চতুৰ্থ সমাৰোহত নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই আদৰণি ভাষণ দি এই মন্তব্য কৰে ৷ ভাষণত তেওঁ কয় যে উত্তৰ পূবৰ আঠ ৰাজ্যৰ মাজত সদ্ভাৱনাৰ বাবে নেডা এক প্লেটফৰ্ম আৰু আঠ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েই অকংগ্ৰেছী ৷ লগতে আজি এয়া ঐতিহাসিক দিন বুলি মন্তব্য কৰি শৰ্মাই কয় যে তেওঁৰ ৰাজনৈতিক জীৱনত এয়া সোণোৱালী সময় ৷ আৰু আহি থকা সময়তো সকলো একত্ৰিত হৈ থকাৰ পণ লয় হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰোপৰিও তেওঁ কয় যে উত্তৰ পূবৰ 25 জন সাংসদৰ 19 জনেই নেডাৰ ৷ আনহাতে উত্তৰ পূবৰ সীমান্ত সমস্যা সমাধান হ'ব বুলি মন্তব্য কৰি তেওঁ কয় যে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে উত্তৰ পূবক দেশৰ সম্পদ হোৱাতো বিচাৰিছে ৷ তদুপৰি নিচা জাতীয় দ্ৰব্যৰ পৰাও উত্তৰ পূৱক মুক্ত কৰিব লাগিব তেওঁ মন্তব্য কৰে ৷ ইপিনে দিল্লীত উত্তৰ পূৱৰ এটা সাংস্কৃতিক সংগ্ৰহালয় কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.