বকোৰ পৰা পুনৰ বিধায়িকা হোৱাৰ আশা নন্দিতা দাসৰ - MLA NANDITA DAS
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11613427-623-11613427-1619946843555.jpg)
নিৰ্বাচনৰ ভোটগণনা চলি থকাৰ মাজতে প্ৰায়বোৰ প্ৰাৰ্থীয়ে নিজ নিজ সমষ্টিৰ ভোটগণনা কেন্দ্ৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে । আমিনগাঁও ভোটগণনা কেন্দ্ৰতো পুৱাই উপস্থিত হয় বকোৰ বিধায়িকা তথা কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাস । নন্দিতা দাসৰ দাবী বিৰোধী দলৰ বিধায়ক হিচাপে তেওঁ সমষ্টিত যথেষ্ট উন্নয়নৰ কাম কৰিছে । সেয়ে সমষ্টিৰ ৰাইজে তেওঁক পুনৰ কাম কৰাৰ সুবিধা দিব । তেওঁৰ মতে সমষ্টিটোত বিৰোধী তেনেই দুৰ্বল । গতিকে বকো সমষ্টিত তেওঁ পুনৰবাৰ বিধায়িকাৰ আসনত বহিব বুলি নিশ্চিত ।