'কা' বাতিলৰ দাবীত নলবাৰী আছুৰ গণ হুংকাৰ - নলবাৰী জিলা ছাত্ৰ সন্থা
🎬 Watch Now: Feature Video
নাগিৰিকত্ব সংশোধনী আইন 2019 চমুকৈ 'কা' বাতিলৰ দাবীত আছুৰ আহ্বান মৰ্মে শনিবাৰে নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰী শ্বহীদ ভৱনত গণ হুংকাৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় । শংখ, কাঁহ, ডবা, মৃদংগ, খোল, তাল আদিৰ বজাই দিল্লী দিছপুৰক সকিয়াই দিয়ে আছু কৰ্মীসকলে ৷ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে কা' আমি নামানো, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ, নৰেন্দ্ৰ মোডী হুচিয়াৰ, খিলঞ্জীয়া বিৰোধী চৰকাৰ হুচিয়াৰ আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ ইয়াৰ লগতে কা' বাতিলৰ দাবীত নলবাৰী চহৰৰ মাজেৰে এক বিশাল সমদল উলিয়াই নলবাৰী জিলা ছাত্ৰ সন্থাই । এই কাৰ্যসূচীত আছুৰ শিক্ষা সম্পাদক ভৱজিত বেজবৰুৱা আৰু আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰিয়াজ উদ্দিন আহমেদে অংশগ্ৰহণ কৰে ।