চৰাইদেউত পিষ্টলসহ নগা যুৱক আটক - নামতোলা আৰক্ষী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13186114-thumbnail-3x2-dibrugarh.jpg)
চৰাইদেউৰ নামতোলাত .২২ পিষ্টল আৰু পাঁচ ৰাউণ্ড সজীৱ গুলীসহ নগা যুৱক আটক ৷ চৰাইদেউ জিলাৰ সোণাৰিৰ নাগালেণ্ড সীমান্তত সেনা আৰু নামতোলা আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰা হয় যুৱকজনক ৷ ধৃত যুৱকজন টিজিটৰ মানকাপ কন্যাক বুলি জানিব পৰা গৈছে ৷ যুৱকজনে পিষ্টলটো লাদৈগড়ত কোনো লোকক বিক্ৰী কৰিবলৈ অহাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ অধিক তথ্যৰ বাবে যুৱকজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ পূজাৰ বতৰত যাতে কোনোধৰণৰ কূটাঘাতমূলক কাৰ্য সংঘটিত নহয়, তাৰবাবেও চৰাইদেউ আৰক্ষীয়ে নিৰাপত্তা কটকটীয়া কৰি তুলিছে ৷