হিমন্ত বিশ্ব শৰ্মাক 'Man of Words' আখ্যা নৱনীতা সন্দিকৈৰ - মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিলে নৱনীতা সন্দিকৈয়ে

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 4, 2021, 6:37 PM IST

বুধবাৰে চৰকাৰে ঘোষণা কৰিলে ৩৬ টা বিভিন্ন নিগম নিকায়ৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ নাম । এই তালিকাত আছে সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ নামো । প্ৰাক্তন বিধায়িকাগৰাকীক দিয়া হৈছে অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব । ইয়াৰ পাছতে যথেষ্ট আনন্দিত প্ৰাক্তন বিধায়িকাগৰাকী । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিলে নৱনীতা সন্দিকৈয়ে । সাংবাদিকৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীক বিভিন্ন ধৰণে প্ৰশংসা কৰিলে নৱনিযুক্ত অধ্যক্ষগৰাকীয়ে । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক 'Man of Words' আখ্যা দিলে প্ৰাক্তন বিধায়িকাগৰাকীয়ে । লগতে ভগৱানৰ আশীৰ্বাদ থকা বাবেই এয়া দীপাৱালীৰ উপহাৰ পোৱা বুলি মন্তব্য কৰে সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.