thumbnail

তামুলপুৰত সাংসদ নৱ শৰণীয়াৰ ভোটদান

By

Published : Oct 30, 2021, 10:03 AM IST

তামুলপুৰ সমষ্টিত শনিবাৰে পুৱাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা হ’ল 2,17,832 গৰাকী ৷ এই 2,17,832 গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব 6 গৰাকী প্ৰাৰ্থীৰ ৷ সমষ্টিটোৰ মুঠ ভোটাৰৰ 1,10,069 গৰাকী পুৰুষ ভোটাৰ, 1,07,362 গৰাকী মহিলা ভোটাৰ আৰু তৃতীয় লিংগৰ ভোটাৰ 1 গৰাকী ৷ ভোটগ্ৰহণ প্ৰক্ৰিয়া সুকলমে অনুষ্ঠিত কৰাৰ বাবে সমষ্টিটোত মুঠ 322 টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ ইয়াৰ ভিতৰত 7 টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ আৰু 7 টা মহিলাৰ দ্বাৰা পৰিচালিত ৷ ভোটগ্ৰহণ কেন্দ্ৰসমূহত সম্পূৰ্ণ ক’ভিড নীতি-নিৰ্দেশনা মানি চলা হৈছে ৷ শনিবাৰে পুৱাৰ ভাগতে তামুলপুৰ চৰকাৰী মজলীয়া বিদ্যালয়ত ভোটদান সম্পন্ন কৰে কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ শৰণীয়াই ৷ সমষ্টিটোৰ গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰায় 20 হাজাৰ ভোটত জয়লাভ কৰিব বুলি আশাবাদী নৱ শৰণীয়া ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.