22 বছৰীয়া ৰাজনৈতিক জীৱনত হিমন্তৰ দৰে মুখ্যমন্ত্ৰী দেখা নাই ৰামেশ্বৰ তেলীয়ে - মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা ৰামেশ্বৰ তেলীৰ
🎬 Watch Now: Feature Video
আৰক্ষী অধীক্ষকৰ দ্বিতীয়খন সন্মিলনত অংশ লৈ অভিভূত হৈ পৰিল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ৷ এই সন্মিলন অনুষ্ঠিত কৰা বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় মন্ত্ৰী তেলীয়ে । লগতে তেওঁ কয় যে, 22 বছৰীয়া ৰাজনৈতিক জীৱন এনে মুখ্যমন্ত্ৰী আগতে দেখা নাই ৷ ৰামেশ্বৰ তেলীয়ে কয়, অসমত এতিয়া চৰাইৰ মাতত ৰাতিপুৱাই ৷ এয়া সম্ভৱ হৈছে কেৱল আৰক্ষীৰ বাবে । সেয়ে সকলো আৰক্ষীক ধন্যবাদ জনালে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।