এইবাৰ জয়ন্ত মল্ল বৰুৱাক ওভতি ধৰিছে মৰিগাওঁ আছুৱে - আছু

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 12, 2020, 9:23 AM IST

মৰিগাওঁ, 12 জুলাইঃ ৰাজ্যৰ পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাক ওভতি ধৰিলে আছুৱে । শনিবাৰে মৰিগাঁৱত এক সংবাদমেল সম্বোধন কৰি নলবাৰীত কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিলে আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য উৎপল শৰ্মাই । "প্ৰাক্তন কংগ্ৰেছী নেতা বৰ্তমানৰ বিজেপিৰ পালিনেতা জয়ন্ত মল্ল বৰুৱাৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুগ্ৰামী বাদে কি বিশেষ পৰিচয় আছে ? এইজন পালি নেতাই নিৰ্বাচনৰ সময়ত আছুক শ্লেষাত্মাক বাক্যৰে আক্ৰমণ কৰি নিজৰ দাম বৃদ্ধি কৰি দলীয় টিকট ল'ব বিচাৰিছে ।" শনিবাৰে বিয়লি মৰিগাঁও জিলা ছাত্র সন্থাই এক সংবাদমেল সম্বোধন কৰি এনেদৰে ওভতি ধৰিলে জয়ন্ত মল্ল বৰুৱাক ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.