প্লাজমা ডনেচনৰ বাবে ৰাইজক আগবাঢ়ি আহিবলৈ আহ্বান মৰাণ মাৰোৱাৰী যুৱ মঞ্চৰ - মৰাণ শাখা

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 18, 2021, 5:23 PM IST

প্লাজমা ডনেচনৰ বাবে ৰাইজক আগবাঢ়ি আহিবলৈ আহ্বান মৰাণ মাৰোৱাৰী যুৱ মঞ্চৰ ৷ আগবাঢ়ি অহা প্ৰথম দহ জনক পুৰস্কৃত কৰিব মঞ্চই ৷ ক'ভিডৰ ভয়াৱহ পৰিস্থিতিয়ে ৰাজ্যত একপ্ৰকাৰে কালৰূপ ধাৰণ কৰিছে । ডিব্ৰুগড় জিলা আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া বৃহত্তৰ মৰাণ অঞ্চলতো হাজাৰৰ অধিক লোক ক'ভিডত আক্ৰান্ত হৈছে । ক'ভিডৰ এনে ভয়াৱহ পৰিস্থিতিৰ সময়ত মৰাণৰ মাৰোৱাৰী যুৱ মঞ্চই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । মাৰোৱাৰী যুৱ মঞ্চৰ মৰাণ শাখাই স্থানীয় প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ সহযোগত মৰাণত ১৮ ৰ পৰা ৪৪ বছৰৰ ভিতৰৰ ব্যক্তিসকলক ক'ভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছিল । আনহাতে, মঞ্চই ক'ভিড আক্ৰান্ত হৈ সুস্থ হোৱা সকলক প্লা'জমা ডনেচনৰ বাবে ৰাইজক আগবাঢ়ি আহিবলৈ আহ্বান জনাই প্লা'জমা প্ৰদানৰ বাবে আগবাঢ়ি অহা প্ৰথম দহ জনক নগদ ধন আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে । লগতে যিসকল লোক ক'ভিডত আক্ৰান্ত হৈ হোম আইচ’লেশ্যনত আছে তেখেত সকলৰ সহায় হোৱাকৈ প্ৰয়োজন অনুসৰি ডাক্তৰৰ সৈতে পোনপটীয়া পৰামৰ্শ গ্ৰহণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.