Sherman Ali controversial remarks: শ্বেৰমান আলীৰ স্থিতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মইনবড়ী সত্ৰ - Moinbari satra commitees reaction on Sherman Ali controversial remarks
🎬 Watch Now: Feature Video
পুনৰ বিৰ্কতত বাঘবৰৰ বিধায়ক শ্বেৰমান আলী ৷ এইবাৰ বৰপেটা সত্ৰৰ ভূমি বেদখল উচ্ছেদৰ বিৰুদ্ধে বাঘবৰৰ বিধায়ক শ্বেৰমান আলীৰ স্থিতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মইনবড়ী সত্ৰৰ (Moinbari satra commitees reaction on Sherman Ali controversial remarks ) পৰিচালনা সমিতিৰ সম্পাদক অপূৰ্ব অধিকাৰী৷ "আমি কোনো ভাবুকিক ভয় নকৰো, অসমৰ 926 খন সত্ৰৰ সকলো ভূমিৰ বেদখল উচ্ছেদ হ’বই লাগিব" এই বুলি সংবাদমাধ্যমৰ আগত মন্তব্য আগবঢ়ায় সম্পাদকগৰাকীয়ে ৷ "কোনোবাই মৰি গলেও উচ্ছেদ চলোৱা হ’ব আৰু প্ৰয়োজনত আমিও মৰিবলৈ সাজু আছো" বুলি বিধায়কগৰাকীৰ ভাবুকিক নিন্দা কৰে সম্পাদকগৰাকীয়ে ৷ ইপিনে সত্ৰৰ ভূমি উচ্ছেদৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কোনো ব্যৱস্থা নল’লে বুলিও ক্ষোভ প্ৰকাশ কৰে সম্পাদক অপূৰ্ব অধিকাৰীয়ে ৷
TAGGED:
Moinbari Satra at Barpeta