অ’ হো হো মহোহো; বজালীত ৰাজহুৱাভাৱে মহোহো উৎসৱ উদযাপন - পৰম্পৰাগত সাজপোচাক
🎬 Watch Now: Feature Video
মহোহো (Mohoho) বা মহ-খেদা উৎসৱ নামনি অসমৰ এটি জনপ্ৰিয় উদযাপন উৎসৱ । আঘোণৰ পূৰ্ণিমা তিথিত মহ খেদাৰ বাবে দাং,টাকোন আদি লৈ ঘৰে-ঘৰে পৰস্পৰাগত গীত গাই গৰখীয়া সকলে এই উৎসৱ পালন কৰে । কালক্ৰমত হেৰাই যাবলৈ ধৰা এই লোককৃষ্টি মহোহো উৎসৱ বজালী অঞ্চলত ৰাজহুৱাভাৱে পালন কৰা দেখা গৈছে । পৰম্পৰাগত সাজপোচাক পৰিধান কৰি মহোহো গীত পৰিৱেশন কৰিছে শিশুৰ পৰা ডেকা বুঢ়ালৈ । বজালীত অনুষ্ঠিত হৈ অহা ৰাজহুৱা মহোহো অনুষ্ঠানে বৰ্তাই ৰাখিছে সমন্বয়ৰ বাৰ্তা । বজালীৰ কেন্দুগুৰিত স্থানীয় বিধায়ক ৰণজিৎ কুমাৰ দাসে মহোহো অনুষ্ঠানটোৰ উদ্বোধন কৰে । কলিতা জনগোষ্ঠীৰ উদ্যোগত আয়োজিত এই মহোহো উৎসৱত ভাগ লৈছে পুৰুষ মহিলা আৰু শিশু সকলোৱে ।