প্ৰশান্ত ফুকনৰ অকপট স্বীকাৰোক্তি; ৰাজনৈতিক স্বাৰ্থত হে কৰিছিল মূল্যবৃদ্ধিৰ প্ৰতিবাদ - পেট্ৰ'লৰ আকাশলংঘী মূল্যবৃদ্ধি
🎬 Watch Now: Feature Video
ৰাজ্যজুৰি পেট্ৰ'লৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জলা-কলা খুৱাইছে ৰাজ্যবাসীক। এক লিটাৰ পেট্ৰ'ল ভৰাবলৈ চিন্তা কৰিব লগা হৈছে সাধাৰণ ৰাইজে । তেনে সময়ত শাসক দলৰ নেতা-মন্ত্ৰী সকলোৱে পেট্ৰ'লৰ মূল্যবৃদ্ধিক লৈ ৰাইজৰ মাজত কিছুমান অদ্ভূত যুক্তি দি সমালোচনাৰ পৰা হাত সাৰিবলৈ চেষ্টা চলাইছে । তাৰ ব্যতিক্ৰম নহ’ল ডিব্ৰুগড়ৰ বিধায়কৰ প্ৰশান্ত ফুকন । এইগৰাকী বিধায়কে কংগ্ৰেছ চৰকাৰৰ দিনত পেট্ৰ'লৰ মূল্যবৃদ্ধিক লৈ বিধানসভাৰ বাহিৰে ভিতৰে তীব্ৰ প্ৰতিবাদ কৰি অসমৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । আনকি প্ৰশান্ত ফুকনে ৰাজপথত গৰু গাড়ী চলাই তীব্ৰ প্ৰতিবাদ কৰিছিল । কিন্তু এতিয়া বিজেপি চৰকাৰৰ দিনত পেট্ৰ'লৰ মূল্যবৃদ্ধিক লৈ নিমাত বিধায়ক প্ৰশান্ত ফুকন । মঙলবাৰে সাংবাদিকৰ আগত বিধায়কজনে নিজেই স্বীকাৰ কৰিছে যে, তেওঁ জুলীয়া পদাৰ্থৰ দৰে ৷ বিৰোধীত থাকোতে প্ৰতিবাদ কৰিছিল আৰু এতিয়া প্ৰতিবাদ নকৰে । লগতে তেওঁ কয় যে, তেতিয়া প্ৰতিবাদ কৰাতো ৰাজনৈতিক কৌশল আছিল ৷ কিন্তু সেই সুযোগ এতিয়া কংগ্ৰেছে ল'ব পৰা নাই বুলি কটাক্ষ কৰে । বিধায়কজনে কেন্দ্ৰীয় চৰকাৰে কম দিনৰ ভিতৰতে পেট্ৰ'লৰ মূল্যবৃদ্ধি ৰোধ কৰিব বুলি আশা ব্যক্ত কৰে ।