thumbnail

By

Published : Nov 17, 2019, 5:11 PM IST

ETV Bharat / Videos

লাডেন ওৰফে কৃষ্ণৰ মৃত্যুক লৈ পদ্ম হাজৰিকাৰ প্ৰতিক্ৰিয়া

গোৱালপাৰাত আতংকৰ সৃষ্টি কৰা লাডেনৰ মৃত্যুত মৰ্মাহত বিধায়ক পদ্ম হাজৰিকা ৷ বন বিভাগৰ সহযোগত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কৌশলেৰে আৱদ্ধ কৰিছিল হাতীটো ৷ পৰৱৰ্তী সময়ত হাতীটোৰ নাম কৃষ্ণ ৰাখি ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ অনা হৈছিল ৷ প্ৰশিক্ষণৰ বাবে হাতীটো বন বিভাগৰ সহযোগত ৰাষ্ট্ৰীয় উদ্যানখনলৈ অনা হৈছিল ৷  লগতে পঢ়কঃ অৱশেষত মৃত্যুক সাৱতি ল'লে লাডেন ওৰফে কৃষ্ণই কিন্তু আশ্চৰ্যজনকভাৱে দেওবাৰে পুৱাৰ ভাগত মৃত্যু ঘটে সুস্থ-সৱল হৈ থকা হাতীটো ৷ অচেতন কৰা সময়ত অতিমাত্ৰা ঔষধ প্ৰয়োগ কৰাৰ বাবেই এইদৰে হাতীটোৰ মৃত্যু হোৱা বুলি বহুতেই অভিযোগ উত্থাপন কৰিছে ৷ সমগ্ৰ বিষয়টো সন্দৰ্ভত চতিয়া সমষ্টিৰ বিধায়ক তথা হাতীটো আৱদ্ধ কৰা পদ্ম হাজৰিকাই লাডেন ওৰফে কৃষ্ণৰ মৃত্যুত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷  বিধায়কগৰাকীয়ে হাতীটোৰ মৃত্যুৰ কাৰণ মৰনোত্তৰ পৰীক্ষাৰ পিচতহে গম পোৱা যাব বুলি উল্লেখ কৰে ৷ অৱশ্যে ৰাজ্যত বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাতক লৈ ৰাজ্য চৰকাৰৰ কৰিবলগীয়া বহুখিনি আছে বুলি উল্লেখ কৰে ৷ এটা দল গঠন কৰি সমগ্ৰ বিষয়টো তদাৰক কৰাৰ মতপ্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷ আনহাতে, হাতী-মানুহৰ সংঘাতৰ ফলত ক্ষতিগ্ৰস্থ হোৱা লোকসকলৰ পুনৰুদ্ধাৰৰ বাবে চৰকাৰে তাৎক্ষণিকভাৱেই ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ক্ষতিপূৰণ দিয়াৰ কথাও উল্লেখ কৰে বিধায়ক পদ্ম হাজৰিকাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.