বৰ্তমানৰ চৰকাৰ সংখ্যালঘু বিৰোধী চৰকাৰ : আব্দুল বাতিন খন্দকাৰ
🎬 Watch Now: Feature Video
ৰাজ্যৰ ৬ খন জিলাক বাদ দি টেট পৰীক্ষা কেন্দ্ৰৰ সিদ্ধান্ত লোৱা শিক্ষা বিভাগৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৩৪ নং উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰে । শুকুৰবাৰে কীৰ্তনপাৰাত সৃজনগ্ৰাম ব্লক কংগ্ৰেছৰ বৰ্ধিত কাৰ্য নিৰ্বাহক সভাত অংশগ্ৰহণ কৰি বৰ্তমানৰ চৰকাৰখনক সংখ্যালঘু বিৰোধী চৰকাৰ আখ্যা দিয়ে বিধায়কগৰাকীয়ে । লগতে টেটত অৱতীৰ্ণ হ’ব খোজা প্ৰতিজন সংখ্যালঘু প্ৰাৰ্থীক শুভেচ্ছা জনায় ৷