ভোগালী বিহু উদযাপন কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে - minister sarbananda sonowal celebrating bhogali bihu
🎬 Watch Now: Feature Video
আজি ভোগৰ উৎসৱ ভোগালী বিহু ৷ অসমীয়াৰ বাপতি-সাহোন মাঘৰ বিহুটি সমগ্ৰ অসমতে অতি উলাহেৰে পালন কৰা হৈছে (People celebrating Bhogali Bihu in Assam) ৷ আজি সমগ্ৰ ৰাজ্যবাসীৰ লগতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও উদযাপন কৰিলে অসমীয়াৰ বাপতি-সাহোন ভোগালী বিহুটি (Minister Sarbananda Sonowal celebrating Bhogali Bihu at Dibrugarh) ৷ ভোগালী বিহুৰ এই দিনটোৰ পুৱাৰ ভাগে ডিব্ৰুগড়স্থিত নিজা বাসভৱনত অসমীয়াৰ জাতীয় পৰম্পৰা অনুসৰি মেজি জ্বলাই শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধ সুদৃঢ় হোৱাৰ কামনা কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
TAGGED:
আজি ভোগৰ বিহু ভোগালী বিহু