মানসিক বিকৃতি ঘটিছে শ্বেৰমান আলীৰ : পীযুষ হাজৰিকা - শ্বেৰমান আলী
🎬 Watch Now: Feature Video

‘‘শ্বেৰমান আলীৰ মানসিক বিকৃতি ঘটিছে, শ্বহীদক তেওঁ অপমান কৰিব নোৱাৰে’’ ৷ এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ অসমীয়া জাতিৰ ওপৰত এনেধৰণৰ বেয়া মন্তব্য নকৰিবলৈ শ্বেৰমান আলীক সকীয়াই দিলে মন্ত্ৰী পীযুষ হাজৰিকাই । কংগ্ৰেছে শ্বেৰমান আলীক শ্ব’কজ জাননী দিয়াৰ ওপৰতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে । কংগ্ৰেছৰ নেতা সকলে নিজৰ বিধায়কৰ লগতে সদস্য সকলক বিশ্বাসত ল’ব নোৱাৰে আনকি কংগ্ৰেছে সকলোতে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ভূত দেখে বুলিও তীৰ্যক মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই । উল্লেখযোগ্য যে, দৰঙত উপস্থিত হৈ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা, বৃদ্ধ পেঞ্চন, অটল অমৃত, অৰুণোদয়কে ধৰি বিভিন্ন আঁচনিৰ ধন একোজনকৈ হিতাধিকাৰীক প্ৰদান কৰাৰ লগতে আঁচনিৰ কাম ঠিক মতে ৰূপায়ন হৈছে নে নাই সেই বিষয়ে বুজ লয় মন্ত্ৰী গৰাকীয়ে ।