অখিল গগৈয়ে লুঙী পিন্ধি অবৈধ বেদখলকাৰীক সুৰক্ষা দিবলৈ চেষ্টা কৰে : বিমল বৰা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 17, 2021, 10:48 AM IST

উপ-নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন । শাসক-বিৰোধী সকলো তৎপৰ হৈছে উপ নিৰ্বাচনক লৈ । থাওৰাত শাসক দলৰ সমান্তৰালভাৱে অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে । ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ জয় নিশ্চিত বুলি অখিল গগৈয়ে দাবী কৰাৰ পাছতে কেবিনেট মন্ত্ৰী বিমল বৰাই বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ বিমল বৰাৰ দাবী উপ নিৰ্বাচনত উন্নয়নৰ সপক্ষে ভোট দিব ৰাইজে । মন্ত্ৰীগৰাকীয়ে কয় যে, অসমৰ ৰাইজতকৈ অখিল গগৈয়ে বেছি কথা নাজানে । সাধাৰণ নিৰ্বাচনত ৰাইজে অখিল গগৈক শিক্ষা দি থৈছে । থাওৰাৰ ৰাইজে কেতিয়াও ভুল নকৰে । সুশান্ত বৰগোঁহাইক জয়ী কৰাব থাওৰাৰ ৰাইজে- এই দাবী মন্ত্ৰীগৰাকীৰ ৷ তেওঁ লগতে অখিল গগৈয়ে লুঙী পিন্ধি অবৈধ বেদখলকাৰীক সুৰক্ষা দিবলৈ চেষ্টা কৰে বুলি মন্তব্য কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.