টুলুঙা নাৱত উঠি মাছ ধৰাৰ আমেজ ল’লে বিমল বৰাই - দিহিং আৰু দিচাং নদীৰ প্ৰাকৃতিক সম্ভাৱনা
🎬 Watch Now: Feature Video
শীতৰ সেমেকা পৰিবেশত মাছ ধৰাৰ আনন্দ উপভোগ কৰিলে মন্ত্ৰী বিমল বৰা(Dihingchang project of Tingkhang)ই । গৃহ সমষ্টি টিংখাঙৰ দুয়ো দিশত অৱস্থিত দিহিং আৰু দিচাং নদীৰ প্ৰাকৃতিক সম্ভাৱনাক সাঙুৰি মন্ত্ৰীগৰাকীয়ে উদ্যমী যুৱক-যুৱতীসকলৰ সংস্থাপনৰ উদ্দেশ্য দিহিংচাং প্ৰকল্প(Dihingchang Project) নামাকৰণেৰে নিজা উদ্যোগত গ্ৰহণ কৰিছে এক অভিলাসী আঁচনি । ভৱিষ্যতে দিহিংচাং প্ৰকল্পৰ যোগে মীন, কৃষি, বয়ন শিল্পৰ দিশত ন-ন আঁচনি গ্ৰহণ কৰি বহু নিবনুৱা যুৱক-যুৱতীক কৰ্ম-সংস্থাপন দিয়াৰ পৰিকল্পনা কৰিছে মন্ত্ৰী বিমল বৰাই ।