নলবাৰীত যাত্ৰা নাট্যদলৰ কলা-কুশলীৰ প্ৰতিবাদ - rajguru mini theatre group Protest against new SOP

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 21, 2021, 1:51 PM IST

বিগত বৰ্ষৰ পৰাই ক'ভিড-১৯ মহামাৰীৰ বাবে বৃহৎ লোকচানৰ সন্মুখীন হৈছে ভ্ৰাম্যমাণ থিয়েটাৰ, যাত্ৰা নাট্যদলসমূহ । কিয়নো, তেওঁলোকে নাটক প্ৰদৰ্শন কৰিব পৰা নাই । শেহতীয়াকৈ ভ্ৰাম্যমাণ নাট্যদলসমূহক নাটক প্ৰদৰ্শন কৰাৰ অনুমতি দিয়া হৈছে যদিও সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা নিৰ্ধাৰণ কৰি দিয়া হৈছে । এই সন্দৰ্ভত ৰাজ্য চৰকাৰে এখন নতুন SOP প্ৰকাশ কৰিছে । কিন্তু চৰকাৰৰ এই নতুন নিৰ্দেশক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে যাত্ৰা নাট্যদলৰ কলা-কুশলীসকলে । ইয়াকে লৈ সোমবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ যাত্ৰা নাট্যদলৰ কলা-কুশলীয়ে প্ৰতিবাদ সাব্যস্ত কৰে । নলবাৰীৰ ৰাজগুৰু মিনি থিয়েটাৰৰ লগতে কেইবাটাও যাত্ৰা নাট্যদলৰ অভিনেতা-অভিনেত্ৰীয়ে আখৰা গৃহৰ পৰাই বিক্ষোভ প্ৰদৰ্শন কৰে । "আমাক নাটক কৰিব দিয়ক", "আমাক জীয়াই থাকিবলৈ দিয়ক", "আমি নাটক কৰি ভাল পাঁও" আদি বিভিন্ন শ্ল'গান সম্বলিত প্লে'কাৰ্ড হাতে হাতে লৈ প্ৰতিবাদ সাব্যস্ত কৰে শিল্পীসকলে । সাধাৰণতে পূজা, সভা মহোৎসৱ অথবা সাংস্কৃতিক অনুষ্ঠানৰ লগত সংগতি ৰাখিহে যাত্ৰা নাট্যদলসমূহক নাটক প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ কৰা হয় । কিন্তু, ৯ বজাতে অনুষ্ঠান শেষ কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু এই নিৰ্ধাৰিত সময়ৰ বাবে তেওঁলোকে নাটক প্ৰদৰ্শন কৰাত অসুবিধা আহি পৰিব । কলা-কুশলীসকলে এই ক্ষেত্ৰত সমাধান উলিয়াবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.