শিৱসাগৰত মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 16, 2021, 10:23 PM IST

শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বৃহস্পতিবাৰে প্ৰতিবাদ(Protest at Sivasagar) সাব্যস্ত কৰে সদৌ অসম প্ৰাথমিক ও উচ্চ প্ৰাথমিক মধ্যাহ্ন ভোজন ৰান্ধনী-সহায়ক সন্থাই ৷ উল্লেখ্য যে, মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাই বিভিন্ন দাবীক লৈ অব্যাহত ৰাখিছে আন্দোলন । বিগত দিনবোৰত মাননী বৃদ্ধি, বকেয়া ধন মুকলি, পেঞ্চন প্ৰদান আদি বিভিন্ন দাবীক লৈ ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী(Mid day Meal workers Protest) ৰূপায়ন কৰি আহিছে সন্থাই । চলিত বৰ্ষৰ ছেপ্টেম্বৰত এই দাবীসমূহ পূৰণ কৰাৰ বাবে মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰিছিল সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক মধ্যাহ্ন ভোজন ৰান্ধনী-সহায়ক সন্থাই । কিন্তু উক্ত দাবীসমূহক লৈ চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান নকৰাত বৃহস্পতিবাৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি শিৱসাগৰ জিলাৰ উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.