কলিয়াবৰত হাতী-মানুহৰ সংঘাত

By

Published : Jul 7, 2021, 1:51 PM IST

thumbnail

কলিয়াবৰত অব‍্যাহত আছে বন‍্যহস্তী আৰু মানুহৰ সংঘাত । মঙলবাৰে নিশা হাতীয়ে উপদ্ৰৱ চলালে সোণাৰী গাঁৱত। সোণাৰী গাঁৱৰ চন্দন হাজৰিকাৰ ঘৰত বন‍্যহস্তীয়ে উপদ্ৰৱ চলাই পকী বেৰ ভাঙি ধান খাই লণ্ড-ভণ্ড কৰে ৷ কামাখ‍্যা পাহাৰৰ নামনিৰ সোণাৰি গাঁৱত প্ৰায়ে বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই বহুলোকৰ ঘৰ-দুৱাৰ, শস‍্য নষ্ট কৰি আহিছে । বন‍্যহস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি বন বিভাগক কাকুতি-মিনতি কৰিও নিৰাপত্তা পোৱা নাই গাঁওবাসীয়ে । সোণাৰি গাঁৱৰ লগতে এতিয়া কামাখ‍্যা গাঁও আৰু শিলঘাটৰ বহু গাঁও নিশাৰ ভাগত বনৰীয়া হাতীৰ আক্ৰমণৰ লক্ষ‍্য হৈ পৰা পৰিলক্ষিত হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.