মাইক্ৰ’ফাইনেঞ্চ সন্দৰ্ভত প্ৰতিবাদমুখৰ মাজুলী - হিমন্ত বিশ্ব শৰ্মা
🎬 Watch Now: Feature Video
মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ গাইড লাইনৰ বিৰোধিতা কৰিছে মাজুলীৰ একাংশ মহিলাই । নিৰ্বাচনৰ আগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিব লাগিব বুলি দাবী কৰে এই মহিলাসকলে ৷ সম্প্ৰতি মাইক্ৰ’ফাইনেঞ্চ সন্দৰ্ভত গ্ৰহণ কৰা মুখ্যমন্ত্ৰীৰ দুমুখীয়া স্থিতি মানি লোৱা নহ’ব বুলি ক্ষোভ প্ৰকাশ কৰি মহিলাসকলে সাম্প্ৰতিক সময়ত আংশিক লক ডাউনৰ বাবে কোনো উপাৰ্জন নথকাৰ কথা সদৰী কৰে ৷ বিগত বছৰৰ পৰা কৰ’ণা মহামাৰীৰ বাবে জাৰি কৰা লক ডাউন অথবা অন্যান্য নীতি-নিয়মৰ বাবে আৰ্থিকভাৱে জুৰুলা হৈ পৰা ঋণগ্ৰস্ত মহিলাসকলে এই ঋণ পৰিশোধ কৰিবলৈ নোৱাৰে বুলি মুকলিকৈ প্ৰকাশ কৰে ৷