thumbnail

By

Published : Feb 26, 2021, 12:04 PM IST

ETV Bharat / Videos

মাজুলীত পুৰ্ণোদম্যে চলিছে 'মিৰিজীয়ৰী' আৰু 'অংগীকাৰ'ৰ আখৰা

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে মাজুলীত চলিছে দুখনকৈ নাটকৰ আখৰা ৷ বিশ্বজুৰি পালন কৰি অহা আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি মাজুলীত 7 আৰু 8 মাৰ্চত দুদিনীয়াকৈ নাটক দুখন মঞ্চস্থ কৰা হ'ব ৷ মেখেলী গাঁৱত মহিলাসকলে ৰজনীকান্ত বৰদলৈৰ অমৰ সৃষ্টি 'মিৰিজীয়ৰী' আৰু প্ৰফুল্ল বৰাৰ 'অংগীকাৰ' শীৰ্ষক নাট দুখন মঞ্চস্থ কৰাৰ উদ্দেশ্যে যোজা চলাইছে ৷ ক'ভিড-19 ৰ ভয়াবহতা দূৰ হোৱাৰ পাছতে মেখেলী গাওঁ যুৱক সংঘ আৰু মহিলা সমিতিয়ে গাওঁখনত নাট মঞ্চস্থ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.