thumbnail

By

Published : May 27, 2021, 10:08 PM IST

ETV Bharat / Videos

মাধৱদেৱৰ জন্মজয়ন্তীত উকা হৈ ৰল ঢেকীয়াখোৱা বৰনামঘৰ

সমগ্ৰ দেশ তথা ৰাজ্যজুৰি অব্যাহত থকা কোভিড পৰিৱেশৰ বাবে এইবেলি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ 533 সংখ্যক জন্মজয়ন্তীৰ দিনটোত উকা হৈ ৰ'ল ৰাজ্যৰ নামঘৰসমূহৰ পৰিৱেশ ৷ ক'ৰণা মহামাৰীৰ ভয়াৱহতাৰ পৰিপ্ৰেক্ষিতত মহাপুৰুষ জনাই নিজে স্থাপন কৰা যোৰহাট জিলাৰ ঢেকীয়াখোৱা বৰ নামঘৰতো বিৰাজ কৰিলে নিমাওমাও পৰিবেশে ৷ কেৱল কেইজনমান ভক্তৰ উপস্থিতিত নিত্য নৈমিত্তিক নাম প্ৰসংগৰ লগতে এখনি শৰাই আগবঢ়াই গুৰুজনাৰ আৱিৰ্ভাৱ তিথিভাগ পালন কৰিলে পৰিচালনা সমিতিয়ে । লগতে এই পবিত্ৰ ক্ষণতে নামঘৰৰ প্ৰাংগণৰ পৰাই বিশ্ববাসীৰ মংগলৰ অৰ্থে পৰিচালনা সমিতিয়ে এখনি শৰাই আগবঢ়াই অক্ষয় বন্তিৰ ফালৰ পৰা সকলোকে আশীৰ্বাদ প্ৰদান কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.