নাও দুৰ্ঘটনাৰ ছদিন পিছতহে নিমাতীঘাট পৰিদৰ্শন লুৰিণৰ - Jorhat Police
🎬 Watch Now: Feature Video
নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা এগৰাকীক বাদ দি আনগৰাকী মন্ত্ৰী, বিষয়া, নেতাৰ সোঁত বৈছে নিমাতীঘাটলৈ ৷ মঙলবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ উপস্থিত হয় নিমাতীঘাটত ৷ লুৰিণজ্যোতি গগৈয়ে নিমাতীঘাটত চৰকাৰৰ অকৰ্মণ্যতাৰ বাবে এই নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰে ৷ গগৈয়ে ফেৰী চলাচলৰ সমগ্ৰ ব্যৱস্থাটো সম্প্ৰতি কমিচনৰাজত চলি আছে বুলিও মন্তব্য কৰে ৷ ইয়াৰ লগতে এই ঘটনাৰ লগত জড়িত বহুকেইজন মন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ বাবে তদন্তৰ আওতালৈ অনা হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে ৷ তেওঁ যোৰহাট আৰক্ষীয়ে ঘটনাৰ লগত জড়িত ৰৌ-বৰালীক এৰি পুঠি-খলিহণাকহে আটক কৰিছে বুলি দাবী কৰে । তদুপৰি এই ঘটনাৰ বাবে সাধাৰণ কিছু লোকে আইনৰ চকুত অপৰাধী হ’বগৈ বুলি মন্তব্য কৰে । তেওঁ লগতে পূৰ্বেও এনে কেইবাটাও নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতো চৰকাৰে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰে লুৰিণে ৷