thumbnail

লক্ ডাউন 3.0ঃ বন্দীত্বৰ পৰা আংশিক সকাহ !

By

Published : May 4, 2020, 9:03 PM IST

দীৰ্ঘদিনীয়া বন্দীত্বৰ আংশিক অৱসান ৷ বিশ্ব ব্যাপী মহামাৰীৰ ৰূপ লোৱা কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ৷ দেশত ঘোষণা কৰা হ'ল লক্ ডাউন ৷ তিনিটা পৰ্যায়ত ঘোষণা কৰা হ'ল এই লক্ ডাউন ৷ লক্ ডাউনৰ সময়চোৱাত বন্ধ থাকিল কেৱল অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহিৰে সকলো দোকান ৷ জন সাধাৰণ ঘৰৰ বাটে-পথে ওলোৱাত আহি পৰি বাধা-নিষেধ ৷ ৰাইজক ঘৰৰ ভিতৰতে ৰখাৰ বাবে কঠোৰ হ'ব লগীয়া হৈছে প্ৰশাসন ৷ প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ৰ লক্ ডাউন শেষ হোৱাৰ সময়তো কৰ'ণাৰ প্ৰভাৱ নকমাত তৃতীয় পৰ্যায়ত ঘোষণা কৰা হ'ল 14 দিনৰ বাবে পুনৰ লক্ ডাউন ৷ অৱশ্যে গ্ৰীণ জ'ন সমূহত শিথিল কৰি দিয়া হ'ল নিষেধাজ্ঞা ৷ চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত 50 শতাংশ কৰ্মচাৰীৰে আৰমম্ভ হ'ল কাম কাজ ৷ বাছ সমূহতো 50 শতাংশ যাত্ৰীক যাত্ৰা কৰিবলৈ দিয়া হ'ল ৷ এককভাৱে থকা দোকান সমূহৰ লগতে একেলগে থকা দোকান সমূহৰো দুখনৰ ব্যৱধানত খুলিবলৈ অনুমতি দিয়া হৈছে ৷ কিন্তু শিক্ষানুষ্ঠান, চেলুন,বিউটি পাৰ্লাৰ, বজাৰ আদি সম্পূৰ্ণ ৰূপে বন্ধ ৰখাৰ নিৰ্দেশ দিলে প্ৰশাসনে ৷ লক্ ডাউনৰ শিথিল হোৱাৰ পৰি প্ৰেক্ষিতত সোমবাৰে ৰাজ্যৰ গ্ৰীণ জ'ন সমূহত পথলৈ ওলাই আহিল জনসাধাৰণ ৷ আৰম্ভ হ'ল যাতায়ত, দোকান-পোহাৰ ৷ বহু দিন পাচত যেন দীঘলকৈ এটা উশাহ ল'লে লোক সকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.