দোকানীক মাৰপিট : কাকপথাৰ আৰক্ষীৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video
দুৰ্গা পূজাৰ উল্লাসৰ মাজতে আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ কাকলাইনবাসীৰ ৷ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কাকপথাৰ আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ কাকপথাৰৰ কাকলাইনবাসীৰ ৷ কাকপথাৰ আৰক্ষীৰ এটা দলে নিশা বিনা কাৰণত 'নাগা' নামৰ এজন দোকানীক বেয়াকৈ মাৰপিট কৰাৰ লগতে বহুকেইজন দোকানীক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি কাকলাইনৰ লোকসকল এই প্ৰতিবাদী কাৰ্যসূচী হাতত লয় ৷ বহু সময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰখাৰ অন্তত কাকপথাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগত হোৱা আলোচনাৰ অন্তত পৰিস্থিতি শাম কাটে ৷ কোনো কাৰণ নোহোৱাকৈ আৰক্ষীয়ে এনেদৰে দোকানীক মাৰপিট তথা বেয়া ব্যৱহাৰ কৰাৰ ঘটনাই অঞ্চলবাসীৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷