প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰা এটা জলপ্ৰপাত
🎬 Watch Now: Feature Video
অনাবিল সৌন্দৰ্যৰে ভৰা ৰূপহী অসম ৷ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যই য'ত হাত বাউল দি মাতে সকলোকে ৷ কিন্তু অসমৰ ভিন্ন প্ৰান্তত থকা বহু প্ৰাকৃতিক সমল বৰ্তমানেও অজ্ঞাত বহু লোকৰ বাবে ৷ তেনে এক সৌন্দৰ্যৰে ভৰা প্ৰকৃতিৰ ৰম্যভূমি হৈছে মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীৰ মূল ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 3-4 কিলোমিটাৰ নিলগত অৱস্থিত এটা জলপ্ৰপাত ৷ কিছুদিন পূৰ্বে ফেচবুকযোগে ভাইৰেল হৈছিল সেই স্থানৰ এটা ভিডিঅ' ৷ তাৰ পাচৰ পৰাই সেই স্থানত পৰিলক্ষিত হৈছে যথেষ্ট লোকৰ সমাগম ৷