ক’ভিডত অসুস্থ নীলপৱন বৰুৱা : কি ক'লে চিকিৎসকে ?
🎬 Watch Now: Feature Video
বিশ্বত্ৰাস মহামাৰী কৰ’ণাৰ দ্বিতীয়টো ঢৌৰ সংহাৰী ৰূপ অসমতো অব্যাহত আছে । অসমত সংক্ৰমণৰ হাৰ কিছু কমিছে যদিও কৰ’ণাত মৃত্যু হোৱা লোকৰ সংখ্যা দৈনিক বৃদ্ধি পাইছে । ইতিমধ্যে অসমৰ সাহিত্য-সাংস্কৃতিক জগতৰ বহুকেইগৰাকী পুৰোধা ব্যক্তি কৰ’ণাৰ কৰালগ্ৰাসত পৰি পৰলোকপ্ৰাপ্তি ঘটিছে ।তেনে সময়তে শনিবাৰে বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ ক'ভিডত আক্ৰান্ত হোৱাৰ পাছত তেওঁক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ৰ অন্তৰ্গত ক'ভিড ছুপাৰ স্পেছিয়েলিটি হাস্পতালত ভৰ্তি কৰোৱা হয় । বিশিষ্ট চিত্ৰশিল্পী ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত এতিয়া শংকিত তেখেতৰ অনুৰাগীসকল ।ক'ভিড ছুপাৰ স্পেছিয়েলিটি হাস্পতালৰ ১৩৭ নং বিচনাত চিকিৎসাধীন হৈ থকা বিশিষ্ট চিত্ৰশিল্পীগৰাকীৰ স্বাস্থ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত হাস্পতালখনৰ পৰিদৰ্শক তথা জ্যেষ্ঠ চিকিৎসক ডাঃ শংশাক কুমাৰ বৰুৱাই জনালে সবিশেষ ৷