মহানগৰীৰ ফুলৰ বজাৰত নাই পূৰ্বৰ ভিৰ - মহানগৰীৰ ফুলৰ বজাৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 11, 2021, 8:23 AM IST

পূজা বুলিলেই আন আন সামগ্ৰীৰ তুলনাত পোনচাটেই মনলৈ আহে ফুলৰ কথা ৷ পূজাৰ বতৰত মহানগৰীৰ ফুলৰ বজাৰ(Flower Market) বিগত বৰ্ষৰ তুলনাত কিছু ভাল বুলিব পাৰি যদিও বৰ্তমানে স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই ইয়াৰ পৰিৱেশ ৷ পূৰ্বৰ বছৰসমূহৰ তুলনাত এইবাৰ ফুলৰ বজাৰত গ্ৰাহকৰ উপস্থিতি যথেষ্ঠ সেৰেঙা । লক ডাউন(Lockdown)ৰ পৰাই 50 শতাংশ ফুলৰ বিক্ৰী কমি গৈছে ৷ সেয়েহে পূজা উপলক্ষে পূৰ্বৰ তুলনাত 30-40 শতাংশ ফুল কমকৈ আনিছে ব্যৱসায়ীসকলে । ক’ভিডৰ পূৰ্বে বিগত বৰ্ষসমূহত নৱৰাত্ৰি আৰম্ভ হোৱাৰে পৰা ফুলৰ বজাৰত গ্ৰাহকৰ যথেষ্ট ভিৰ পৰিলক্ষিত হয় ৷ এইবেলিও ষষ্ঠীৰ পৰা ফুলৰ বজাৰলৈ গ্ৰাহকৰ সোঁত ব’ব বুলি আশাবাদী হৈ ৰৈছে বিক্ৰেতাসকল ৷ চাওক মহানগৰীৰ ফুলৰ বজাৰৰ সামগ্ৰিক দৃশ্য-

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.