ভৱানীপুৰত হিতাধিকাৰীৰ বাসগৃহত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

By

Published : Nov 26, 2021, 1:58 PM IST

thumbnail
বঙাইগাঁৱত বুধবাৰে কেবিনেটৰ বৈঠকত মিলিত হৈ বৃহস্পতিবাৰে বজালীত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (keshab mahanta visited bajali) ৷ বজালী জিলাৰ ভৱানীপুৰ সমষ্টিৰ বিভিন্ন হিতাধিকাৰীৰৰ ঘৰলৈ গৈ তেওঁলোকৰ স্বাস্থ্য সম্পৰ্কে বুজ লয় মন্ত্ৰীগৰাকীয়ে (keshab mahanta visited beneficiary at bhawanipur) ৷ চৰকাৰী সা-সুবিধাসমূহ সময়মতে তেওঁলোকে লাভ কৰিছেনে নাই তাৰ প্ৰকৃত পৰ্যৱেক্ষণ কৰে মন্ত্ৰী গৰাকীয়ে ৷ সাংবাদিকৰ আগত জনোৱা অনুসৰি সেই অঞ্চলৰ কোনো ৰাইজে কোনো ধৰণৰ অভিযোগ দাঙি ধৰা নাই মন্ত্ৰীগৰাকীক ৷ চৰকাৰী আঁচনি অনুসৰিয়েই তেওঁলোকে সা-সুবিধাসমূহ পাই আহিছে ৷ এই সময়ছোৱাত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰৰ লগতে বজালী জিলা উপায়ুক্ত ৷ মহন্তই পাঠশালাত থকা বিশেষভাৱে সক্ষম ল’ৰা-ছোৱালীৰ আৱাসগৃহ 'তপোবন' ত উপস্থিত হয় (keshab mahanta visited Pathsala tapuban) ৷ তেওঁলোকৰ সপ্তাহত দুদিনকৈ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷ আনহাতে, ৰাজ্যৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত তেওঁ কয় যে, সৰহ সংখ্যক লোকৰে ক’ভিডৰ দুইপালি ভেকচিন লোৱা সম্পূৰ্ণ হ’লেই ৰাজ্যত উঠাই দিয়া হ’ব লকডাউন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.