ভদিয়া বান: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি অঞ্চল বুৰ গ'ল ব্ৰহ্মপুত্ৰৰ শেহতীয়া বানত - kaziranga national park under flood

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 28, 2021, 8:43 PM IST

ভদীয়া বানত বুৰ গ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বোকাখাতৰ দহখনকৈ পঞ্চায়ত ৷ ব্ৰহ্মপুত্ৰৰ শেহতীয়া বানে বুৰাই পেলালে বোকাখাত মহকুমাৰ প্ৰায় 60 খনৰো অধিক গাঁও আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 40 টা বন শিবিৰ ৷ ভদীয়া বানৰ কবলত পৰি জীৱ-জন্তুসমূহে এতিয়া ওখ ঠাইত আশ্ৰয় লোৱাৰ লগতে বহু জীৱ-জন্তু কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছে ৷ নিশাৰ ভিতৰতে বাঢ়নী পানীয়ে বুৰাই পেলালে যুগনীয়া, 2 নং পৰঙনীয়া, চহলা আৰু নিকৰি আদি অঞ্চল ৷ বানৰ কবলত পৰা গাঁওবাসীও ওখ ঠাই আৰু মথাউৰিত অস্থায়ী শিবিৰ পাতি স্থানান্তৰিত হৈছে ৷ ইফালে একাংশ বানাক্ৰান্ত ৰাইজ জ্বৰ আৰু কাঁহত ভুগিছে৷ পশুধন আৰু বন্যাৰ্তৰ উদ্ধাৰৰ বাবে আগবাঢ়ি আহিছে বহুজন ৷ বন্যাৰ্তক সহায়ৰ বাবে মহকুমা প্ৰশাসনক নিৰ্দেশ স্থানীয় বিধায়ক আৰু কৃষিমন্ত্ৰী অতুল বৰাৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.