সমৰ কলাৰ প্ৰশিক্ষণত ব্যস্ত কালুগাঁৱৰ এজাক তৰুণ-তৰুণী
🎬 Watch Now: Feature Video
সমৰ কলা হৈছে আত্মৰক্ষাৰ অন্যতম আহিলা । এই কলাক লৈয়ে ৰাষ্ট্ৰীয় অথবা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হৈ আহিছে বিভিন্ন প্ৰতিযোগিতাও । ইয়াৰ মাজতে শিৱসাগৰ জিলাৰ কালুগাঁৱত এজাক কিশোৰ-কিশোৰী ব্যস্ত হৈ পৰিছে কাৰাটে চৰ্চাত । ক্ৰীড়া ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰাৰ স্বপ্ন দেখা এজাক কিশোৰ-কিশোৰীয়ে কৰি গৈছে কাৰাটেৰ কষ্টকৰ অনুশীলন । কাৰাটে প্ৰশিক্ষক হেমন্ত বৰঠাকুৰে দীৰ্ঘদিনে দ্বিতীয় পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী সকলক দি আহিছে এই প্ৰশিক্ষণ । হেমন্ত বৰঠাকুৰে প্ৰশিক্ষণ আগবঢ়োৱা কেইবাগৰাকীও খেলুৱৈয়ে ইতিপূৰ্বে কাৰাটেৰ ব্লেক বেল্ট অৰ্জন কৰিবলৈও সক্ষম হৈছে । উল্লেখ্য যে, এনে অনুশীলনে ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক উত্তৰণ হোৱাৰ লগতে সমাজৰ সুস্থ বাতাবৰণ গঢ়াত সহায় কৰে ।
Last Updated : Oct 5, 2021, 12:26 PM IST