প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু যোৰহাট

By

Published : Mar 13, 2021, 9:06 AM IST

thumbnail
অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰায় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে যোৰহাট জিলা প্ৰশাসনৰ লগতে যোৰহাট আৰক্ষী প্ৰশাসনে ৷ জিলাখনৰ মুঠ পাঁচটা বিধানসভা সমষ্টিৰ বাবে 20 গৰাকীয়ে আগবঢ়াইছে প্ৰাৰ্থীত্ব ৷ যোৰহাট সমষ্টিৰ পৰা 4 গৰাকী, মৰিয়নী সমষ্টিৰ পৰা 3 গৰাকী, দেৰগাঁও সমষ্টিৰ পৰা 4 গৰাকী, তিতাবৰ সমষ্টিৰ পৰা 4 গৰাকী আৰু টীয়ক সমষ্টিৰ পৰা 5 গৰাকীয়ে আগবঢ়াইছে প্ৰাৰ্থীত্ব ৷ মৰিয়নী সমষ্টিৰ বাবে দাখিল কৰা মনোনয়ন প্ৰত্যাহাৰ কৃষক নেতা অখিল গগৈৰ ৷ নিৰ্বাচন প্ৰক্ৰিয়াৰ সৈতে জড়িত থাকিব লগীয়া সকলো ব্যক্তিকে প্ৰদান কৰা হৈছে ক'ভিড-19 প্ৰতিষেধক ৷ 3000 অধিক লোকে এইপৰ্যন্ত জিলাখনত পষ্টেল ভোটৰ বাবে আবেদন কৰিছে ৷ এক সংবাদমেল সম্বোধন কৰি যোৰহাটৰ জিলা উপায়ুক্ত ৰশ্মি অপৰাঞ্জি কৰাটি আৰু যোৰহাটৰ আৰক্ষী অধীক্ষক মৃনাল তালুকদাৰে এই তথ্য সদৰী কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.