গাঁওবুঢ়াক নিযুক্তি পত্ৰ প্ৰদানৰ আহ্বান জোনাই গাওঁবুঢ়াৰ সন্থাৰ

By

Published : Jul 14, 2021, 10:46 AM IST

thumbnail
ৰাজ্যৰ প্ৰতিখন জিলাৰ অন্তৰ্গত গাঁৱৰ গাঁওবুঢ়া (Village Head)সকলৰ ক্ষেত্ৰত চৰকাৰে কেবিনেটত লোৱা সিদ্ধান্তৰ পাচতে শীঘ্ৰে নিযুক্তি পত্ৰ প্ৰদান কৰি তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰিবলৈ চৰকাৰক আহ্বান জনায় গাঁওবুঢ়াসকলে ৷ কেবিনেটত গাঁওবুঢ়াসকলক নতুনকৈ ‘গাঁওপ্ৰধান’ উপাধিৰে নামাকৰণ কৰা হৈছে ৷ এই নতুন উপাধিক ধেমাজি জিলাৰ জোনাই গাওঁবুঢ়াৰ সন্থাই আদৰণি জনাইছে ৷ গাঁওপ্ৰধান হ’বলৈ হ’লে নিম্নতম বয়স 30 বছৰ আৰু উচ্চ বয়স 65 বছৰৰ ওপৰত হ’ব নোৱাৰিব বুলি চৰকাৰে ঘোষণা কৰে ৷ অতি পৰিতাপৰ বিষয় এয়ে যে, জোনাই ৰাজহ চক্ৰ বিষয়াৰ অন্তৰ্গত চাৰিগৰাকীয়েহে চৰকাৰী বেতন প্ৰাপ্ত গাঁওবুঢ়া ৷ বাকী 80 গৰাকীয়েই বেতন বঞ্চিত ৷ সেয়ে শীঘ্ৰে নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে গাওঁবুঢ়াসকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.