thumbnail

By

Published : Aug 15, 2021, 10:06 PM IST

ETV Bharat / Videos

ডিব্ৰুগড়ত 75 সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী বিমল বড়াৰ

ডিব্ৰুগড়ত ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে ৰাজ্য চৰকাৰৰ শক্তি, ক্ৰীড়া আৰু যুৱ কল্যাণ তথা সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই । চৌকিডিঙী খেলপথাৰত ডিব্ৰুগড় জিলা প্ৰশাসনে কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা স্বাধীনতা দিৱসত শ্বহীদ তৰ্পনৰ পিছতে গ্ৰহণ কৰে অভিবাদন মন্ত্ৰী বড়াই । ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছতে মন্ত্ৰী বিমল বড়াই দাঙি ধৰিলে চৰকাৰৰ উন্নয়নৰ খতিয়ান । নিজৰ ভাষণত এক লাখ নিবনুৱাক সংস্থাপনৰ লক্ষ্য স্থিৰ কৰা বুলি উল্লেখ কৰি ছেপ্টেম্বৰ মাহৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়ে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কম সময়ৰ ভিতৰত ৰাজ্যখনক ন-ৰূপত গঢ় দিয়াৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে বুলিও সদৰি কৰে মন্ত্ৰী গৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.