মহানগৰীত চৰা দামত বিক্ৰী হৈছে শাক পাচলি

🎬 Watch Now: Feature Video

thumbnail
মহানগৰীৰ বজাৰত ১৫-৩০ টকা পৰ্যন্ত বৃদ্ধি পাইছে প্ৰতিকিলোগ্ৰাম পাচলিত । মূল্যবৃদ্ধিত নিয়ন্ত্ৰণ নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ । পাচলিৰ মূল্যবৃদ্ধিয়ে চিন্তাত পেলাইছে সৰ্বসাধাৰণ লোকক । মহানগৰীৰ প্ৰতিখন বজাৰ ক্ৰমে মাছখোৱা, ফাচী বজাৰ, পানবজাৰ, পল্টনবজাৰ, শিলপুখুৰী, গণেশগুৰি, উলুবাৰী, বামুনিমৈদান, নাৰেংগীকে ধৰি ভিন্ন দামত বিক্ৰী হৈছে শাক পাচলি । প্ৰতি কিলোগ্ৰাম আলু-২০-৩০ টকা, বন্ধাকবি ৪০-৫০টকা, ভেণ্ডী ৬০ টকা , লেচেৰা - ১২০ টকা , বিলাহী ৫০-৬০ টকা, তিয়হ ৬০ টকা , ভাটকেৰেলা ৬০ টকা ,গাজৰ ১২০ টকা, বীন- ১২০ টকা পৰ্যন্ত বিক্ৰী হৈছে । ব্যৱসায়ী সকলে জনোৱা মতে, মহানগৰীলৈ পাচলিবোৰ খাৰুপেটীয়া, বৰপেটা ৰোড, শ্বীলং আদিৰ পৰা আহে । উৎপাদান কমি যোৱাৰ বাবে শাক পাচলিৰ মূল্য বৃদ্ধি হৈছে । প্ৰায় ২০ দিনমানৰ পৰা শাক পাচলিৰ মূল্য বৃদ্ধি হোৱা বুলি ব্যৱসায়ী সকলে জনায় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.