Numerology analysis for India: পুৰণি বর্ষক বিদায় দি নতুন বর্ষক আদৰিবলৈ সাজু হৈছে বিশ্ববাসী ৷ এই ক্ষেত্ৰত আহিবলগীয়া বর্ষটো দেশৰ লগতে ব্যক্তি বিশেষে কেনে হ'ব সেয়া সকলোৱে জানিব বিচাৰে ৷ এই ২০২৫ বৰ্ষটোত যদি আমি সংখ্যাতত্ত্ব দিশৰ পৰা চাবলৈ যাও তেন্তে ২+০+২+৫=৯ অৰ্থাৎ মংগলৰ বছৰ ৷ ২০২৫ বছৰটো মংগল গ্ৰহই প্ৰতিনিধিত্ব কৰিব ৷ ঠিক তেনেদৰে যদি দেশখনৰ নম্বৰৰ দিশৰ পৰা চোৱা যায় তেন্তে ২০২৫ বৰ্ষটো ভাৰতৰ বাবে ভাল হ'ব ৷ কিন্তু ৰাজনৈতিক দিশৰ পৰা যদি চোৱা যায় তেন্তে কিছু সমস্যা আহিব পাৰে ৷ যিহেতু ২০২৫ বছৰত মংগলৰ বছৰ সেয়ে খং-ৰাগ আদি বৃদ্ধি হ'ব পাৰে ৷
সৰু সৰু কথাতে মানুহৰ মাজত কাজিয়া হ'ব ৷ পূৰ্বে যিবোৰ কথা সহজে মীমাংসা হৈছিল, সেইবোৰ ২০২৫ বর্ষত নহ’ব আৰক্ষী কাষ পৰ্যন্ত চাপিবলগীয়া হ’ব পাৰে ৷ দেশৰ ক্ষেত্ৰত সন্ত্ৰাসবাদ বৃদ্ধি হ'ব পাৰে, সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিব পাৰে, লগতে বোমা বিস্ফোৰণ, আগ্নেয়গিৰি বিস্ফোৰণ আদিও হ'ব পাৰে ৷
২০২৫ বর্ষত টেকনিকেল ক্ষেত্ৰতো বহুত বেছি নতুনত্ব আহিব ৷ কৃত্ৰিম বুদ্ধমত্তা (Artificial intelligence)ৰ ক্ষেত্ৰত বহুত নতুন নতুন সুবিধা আহিব ৷ অস্ত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত অনুদান আহিব পাৰে ( এইটো কেৱল ভাৰতবর্ষতে নহয় সকলো দেশৰ ক্ষেত্ৰতে হ'ব পাৰে) ৷ শ্বেয়াৰ মাৰ্কেটৰ ক্ষেত্ৰত AI সম্বন্ধীয় বা অস্ত্ৰ (weapons) সম্বন্ধীয় শ্বেয়াৰ আছে সেইসমূহ বৃদ্ধি পাব ৷ লগতে ২০২৫ বর্ষত সোণৰ মূল্য বহুত বেছি বৃদ্ধি হ'ব ৷ সম্পত্তি অৰ্থাৎ মাটি বা ফ্লেট আদিৰ মূল্য সাংঘাটিকভাৱে বৃদ্ধি হ'ব ৷ লগতে ধৰ্ম সম্বন্ধীয় কিছু বাক-বিতণ্ডা, বিবাদ আদি হ'ব পাৰে যিয়ে মানুহক মানসিকভাৱে আঘাত দিব পাৰে ৷ যাৰ ফলত যুদ্ধ-বিগ্ৰহ আদিও হ'ব পাৰে ৷
(বিঃদ্রঃ ধৰ্ম, জ্যোতিষ, বাস্তু, ফেংচুই, টেৰ’ কাৰ্ড আদি বিষয়ত আধাৰিত এই লেখাসমূহ কেৱল পাঠকে জানিবৰ বাবেহে । এই উপায়সমূহ অৱলম্বনৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী । আমাৰ উদ্দেশ্য কেৱল পাঠকক অৱগত কৰা। ইটিভি ভাৰতে এই তথ্য নিশ্চিত কৰা নাই ।)
লগতে পঢ়ক