Padmashree Award: ইমৰান শ্বাহৰ হাতত পদ্মশ্ৰী বঁটা অৰ্পণ - Padma award 2021 to Imran Shah
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13944266-thumbnail-3x2-sjkcsn.jpg)
ভাৰত চৰকাৰে এইবাৰ ঘোষণা কৰা পদ্মশ্ৰী বঁটাৰ অন্যতম প্ৰাপক আছিল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কথাশিল্পী ইমৰান শ্বাহ (Litterateur Imran Shah) । নবেম্বৰ মাহত নতুন দিল্লীত এই সন্মান প্ৰদান কৰা হৈছিল যদিও অনিবাৰ্য কাৰণবশতঃ পদ্মশ্ৰী সন্মান গ্ৰহণৰ বাবে দিল্লীত উপস্থিত হ'ব পৰা নাছিল কথাশিল্পীগৰাকী । যাৰবাবে ভাৰত চৰকাৰে শ্বাহৰ পদ্মশ্ৰী সন্মান শিৱসাগৰ জিলা প্ৰশাসনলৈ প্ৰেৰণ কৰে । ইমৰান শ্বাহৰ বাসগৃহত কোনো বিশেষ আনুষ্ঠানিকতা ৰক্ষা নকৰি বৰ্ষীয়ান সাহিত্যিক ইমৰান শ্বাহক এই সন্মান প্ৰদান কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘ নিধী দাহালে । সন্মান গ্ৰহণ কৰি ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে কথাশিল্পীগৰাকীয়ে (Imran Shah receives Padma Shree Award) ।