thumbnail

নাহৰকটীয়াত সচেতন যুৱকৰ প্ৰচেষ্টাত বাসগৃহ নিৰ্মাণ

By

Published : Jun 2, 2021, 2:05 PM IST

কৰ'ণাৰ ভয়াৱহতাৰ মাজতে মে’ মাহত অহা এক প্ৰচণ্ড ধুমুহাৰ ফলত নাহৰকটীয়াৰ কেইবাখনো গাঁও ব্যাপক ৰূপত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বহুতৰে ঘৰ ধ্বংসস্তুপত পৰিণত হৈছিল ৷ ধুমুহাৰ ফলত গৃহহীন হৈ পৰা ঘিলাগুৰি গাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালক এটি আৱাসগৃহ নিৰ্মাণ কৰি দিয়াৰ উদ্দেশ্যেৰে আগবাঢ়ি আহিল নাহৰকটীয়াৰ যুৱ সমাজসেৱক তীৰ্থ গগৈৰ নেতৃত্বত দাঁতি কাষৰীয়া নিগাম-নামৰূপৰ বহু কেইগৰাকী যুৱক-যুৱতী ৷ সকলোৱে মিলি বাসগৃহটো নিৰ্মাণ কৰি দি কিছু সকাহ দিয়াৰ চেষ্টা কৰে পৰিয়ালটোক । দলটোৱে ধুমুহাৰ ফলত গৃহহীন হোৱা নাহৰকটীয়া সমষ্টিৰ কাৱৈমাৰি, কপহুৱা আদি গাঁৱৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ নিৰ্মাণ কৰি দিয়াৰ প্ৰস্তুতি হাতত লৈছে ৷

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.