মাজুলীৰ ফেৰীঘাটত যাত্ৰীৰ অভাৱনীয় ভীৰ - মাজুলী নিমাতী সংযোগী জাহাজৰ
🎬 Watch Now: Feature Video

কাহানিও নেদেখা এক দৃশ্য ৷ শ শ যাত্ৰীয়ে ভীৰ কৰিছেহি মাজুলীৰ পাৰঘাটসমূহত ৷ নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ পিছত বন্ধ হৈ পৰিছিল ফেৰীসেৱা ৷ কিন্তু পুনৰায় মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাচতে আৰম্ভ কৰা হয় মাজুলী-নিমাতী সংযোগী জাহাজৰ চলাচল । জাহাজৰ চলাচল হোৱাৰ কথা জানিব পাৰি দেওবাৰে মাজনিশাৰ পৰাই শতাধিক যাত্ৰীয়ে ভীৰ কৰিলেহি ফেৰীঘাটসমূহত ৷ শনিবাৰৰ নিশাৰ পৰা অহা যাত্ৰীসকলে ভীৰৰ বাবে পাৰাপাৰ হ'ব নোৱাৰি অফলামুখ পাৰঘাটতে নিশাটো কটোৱা দেখা যায় । যাত্ৰীসকলে শীঘ্ৰে আৰু কেইখনমান জাহাজ মুকলি কৰি দিবলৈ চৰকাৰক আহ্বান জনায় ৷