Heroin Seized in Kokrajhar: কোকৰাঝাৰত হেৰ’ইনসহ সৰবৰাহকাৰী আটক - কোকৰাঝাৰত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 19, 2022, 7:20 PM IST

কোকৰাঝাৰ আৰক্ষীয়ে বুধবাৰে জিলাখনৰ বৰুৱাপাৰাত অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে বহু পৰিমানৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছে । আৰক্ষীৰ অভিযানত আটক হোৱা ড্ৰাগছ সৰবৰাহকাৰীটোক ধুবুৰীৰ লক্ষীগঞ্জ থানাৰ অন্তৰ্গত হাজাৰীপাৰাৰ গুল হুছেইন (১৯) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে । আটকাধীন ড্ৰাগছ বেপাৰীটোৰ পৰা আৰক্ষীয়ে ১৮৬ টা হেৰ’ইনৰ কণ্টেইনাৰ জব্দ কৰে (Police seized heroin in Kokrajhar) । জব্দ কৃত হেৰ’ইনখিনিৰ বজাৰমূল্য প্ৰায় ২০ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে ৷ কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচাৰে জনোৱা মতে, দীৰ্ঘদিনৰ পৰা গুল হুছেইনে জিলাখনত ড্ৰাগছৰ বেপাৰ চলাই আহিছিল ৷ অৱশেষত আৰক্ষীয়ে লাভ কৰা গোপন খবৰৰ ভিত্তিত বুধবাৰে কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনেশ্বৰ বে' নেতৃত্বাধীন আৰক্ষীৰ এটা দলে অভিযান চলাই ড্ৰাগছ বেপাৰীটোক হেৰ’ইন সহ আটক কৰে (Drugs peddler arrested in Kokrajhar) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.