হোজাইত গাঞ্জা জব্দ, আটক 3 - hojai bidyanagar area
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11969431-750-11969431-1622475224160.jpg)
হোজাইত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । আৰক্ষীৰ অভিযানত হোজাই বৰপুখুৰীৰ এখন শাক-পাচলি দোকানৰ পৰা মিঠুন দেৱনাথ আৰু গোপাল দেৱনাথ নামৰ দুজনক আটক কৰে । লক্ষ্যণীয় যে আটক হোৱা দুজন পিতা-পুত্ৰ বুলি জানিব পৰা গৈছে ৷ দুজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ২ কেজি ৬০০ গ্ৰাম গাঞ্জা । ইয়াৰ পিছত পুনৰ হোজাইৰ বিদ্যানগৰৰ এঘৰৰ পৰা ৫০০ গ্ৰাম গাঞ্জা সহ আটক কৰে আন এজন যুৱকক ৷ বৰ্তমান তিনিওজনকে হোজাই আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷