নিজে লিখা কবিতাৰে যোৰহাটত হিমন্তৰ নিৰ্বাচনী প্ৰচাৰ - ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 15, 2021, 8:51 AM IST

দেওবাৰে যোৰহাটত হিতেন্দ্ৰ নাথ গোস্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ প্ৰায় 20 কি:মি: পথ পদযাত্ৰা কৰি প্ৰচাৰৰ অন্তত নগৰৰ মাজ মজিয়াৰ ট্ৰাক ষ্টেণ্ডত সন্ধিয়া এক জনসভাত অংশ গ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে ৷ নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে নিজে লিখা কবিতা পাঠ কৰাৰ লগতে ২০২১ চনৰ এপ্ৰিল মাহৰ ভিতৰত ১ লাখ নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে ছোৱালীক স্কুটি, ল'ৰাক বাইক দিয়া হ'ব বুলিও উল্লেখ কৰে ৷ অহা পাঁচটা বছৰত ১০ লাখ নিৱনুৱাক কৰ্ম সংস্থাপন দিয়াৰ লগতে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ অধীনত প্ৰতিটো পৰিয়ালক ৩ হাজাৰ টকাকৈ দিয়া হ'ব আৰু প্ৰতি বছৰে ১০ লাখ যুৱকক স্বয়ম আচনিৰে সামৰি লোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷ ইফালে, কংগ্ৰেছ আৰু এআইইউডিএফ মিত্ৰতা সন্দৰ্ভত মন্তব্য কৰি কয়, ৰাণা গোস্বামী ৰাম সিংহ আৰু আজমল হৈছে ঔৰংগজেৱ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.