ৰাজনীতিত অভিষেক ঘটিব নেকি হিমন্ত পুত্ৰ নন্দীলৰ ?

By

Published : Apr 7, 2021, 9:35 PM IST

thumbnail

ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমান্তৰালভাৱে এইবাৰ ৰাজ্যৰ নিৰ্বাচনত বিশেষভাৱে চৰ্চা লাভ কৰিছিল মন্ত্ৰী পুত্ৰ নন্দীলৰ ৷ সকলোৰে মনত উদয় হৈছিল প্ৰশ্ন ৷ ৰাজ্যৰ ৰাজনীতিত অভিষেক ঘটিব নেকি নন্দীলৰ ? পিতৃৰ পদাংক অনুকৰণ কৰি ৰাজনীতিৰ পথাৰত খোজ পেলাব নেকি নন্দীলে ? কিয়নো মন্ত্ৰীগৰাকীৰ মনোনয়ন পত্ৰ দাখিলৰ সময়তেই হওঁক নতুবা বস্ত্ৰনগৰী শুৱালকুছিৰ জনসভাই হওঁক ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষত এইবাৰ দেখা পোৱা গৈছিল পুত্ৰ নন্দীলক ৷ যাৰ বাবে একপ্ৰকাৰ সকলোৱে ধাৰণা কৰি লৈছিল হয়টো ৰাজ্যৰ ৰাজনীতিত খোজ দিব নন্দীলে ৷ কিন্তু পুত্ৰ সন্দৰ্ভত ৰাইজৰ এই সকলো প্ৰশ্ন তথা ধাৰণা নস্যাৎ কৰি কি ক'লে প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.