thumbnail

মাজুলীৰ আয়ুৰ্বেদিক হাস্পতালৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

By

Published : Oct 1, 2021, 6:04 PM IST

মাজুলীত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শুকুৰবাৰে নিৰ্মাণ হৈ থকা আয়ুৰ্বেদিক হাস্পতাল পৰিদৰ্শন কৰে ৷ তেওঁ হাস্পতাল পৰিদৰ্শন কৰি কয়, অতি সোনকালে এই হাস্পতাল খনৰ নিৰ্মাণ চাবলৈ এটা expert team পঠিয়াব হ'ব যাতে হাস্পতালখনৰ নিৰ্মাণত কোনো ক্ৰটি নৰয় । ইফালে, স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে মাজুলীৰ গড়মুৰত থকা অসমাৰিক চিকিৎসালয়খনো পৰিদৰ্শন কৰে ৷ গড়মুৰ অসামৰিক চিকিৎসালয়ত নতুনকৈ 12 খন শিশুৰ বাবে ICU বেড, 10 খন জেনেৰেল ICU বেড আৰু 20 খন অতিৰিক্ত অক্সিজেন বেড সংযোজন ঘটাব বুলি ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে । লগতে কেশৱ মহন্তই কমলাবাৰীৰ 30 খন বিচনাযুক্ত হাস্পতালখন 50 খন বিচনাযুক্ত হাস্পতাললৈ উন্নীত কৰাৰ কথা ঘোষণা কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.