thumbnail

ৰাজ্যত ক’ভিড বিধিত আৰু কিছু শিথিলতাৰ ইংগিত স্বাস্থ‍্যমন্ত্ৰীৰ

By

Published : Feb 8, 2022, 2:06 PM IST

Updated : Feb 8, 2022, 6:58 PM IST

ক’ভিড বিধিত আৰু কিছু শিথিলতাৰ ইংগিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ(Health Minister comments on Covid Situation) ৷ ক’ভিডক প্ৰত্যাহ্বান জনাবৰ বাবে অসমৰ স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু হৈ আছে বুলি কলিয়াবৰত মন্তব্য প্ৰদান কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই । লগতে সংক্ৰমণ হ্ৰাস হোৱালৈ এই শিথিলতা জাৰি কৰাৰ ইংগিত প্ৰদান কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ আগন্তুক উচ্চতৰ মাধ‍্যমিক, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বাবে বাধ‍্যতামূলক ক'ভিড ভেকচিন ফেব্ৰুৱাৰী মাহৰ শেষলৈ সকলো পৰীক্ষাৰ্থীকে অতি কমেও এটা ভেকচিন দিয়াৰ লক্ষ‍্যত উপনীত হোৱাৰ কথা মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই (Vaccination for HSLC and HS Students to Appear Exams)৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ কিছুসংখ‍্যকে জাপানীছ এন্‌কেফেলাইটিছৰ ভেকচিন লোৱাৰ ২৮ দিনৰ পাছতহে তেওঁলোকক ক'ভিড ভেকচিন দিব পৰা যাব বুলি তেওঁ মন্তব‍্য প্ৰকাশ কৰে(Compulsory Vaccination for HSLC and HS Students) । কলিয়াবৰৰ হাটবৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব‍্য কৰে ।
Last Updated : Feb 8, 2022, 6:58 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.