চিকিৎসক নিগ্ৰহৰ ঘটনাক লৈ হেল্থ চিটি হাস্পতালেও সাব্যস্ত কৰিলে প্ৰতিবাদ - Health City Hospital
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11992462-thumbnail-3x2-dhd.jpg)
হোজাইৰ উদালি হাস্পতালৰ ক'ভিড কেয়াৰ চেণ্টাৰৰ চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিৰ লগতে নাৰ্ছ আৰু চিকিৎসাকৰ্মীক কৰ্তব্যৰত অৱস্থাত আক্ৰমণ কৰা ঘটনাক গুৱাহাটীৰ হেল্থ চিটি হাস্পতালে কঠোৰ ভাষাৰে নিন্দা কৰিছে । ক'ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে দিনে-নিশাই যুঁজ দি নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি সৰ্বসাধাৰণৰ সেৱাত আত্মনিয়োগ কৰা তথা প্ৰথম শাৰীৰ ক'ভিড যোদ্ধাক এনে ব্যৱহাৰ কৰাটো চৰম অমানৱীয় ঘটনা । হেল্থ চিটি হাস্পতালৰ অধীক্ষক ডাঃ হেমজিৎ তালুকদাৰে চিকিৎসক নিগ্ৰহৰ ঘটনাক গৰিহণা দি কয় যে হেল্থ চিটী হাস্পতালে আজি আই এম এৰ সিদ্ধান্তৰ প্ৰতি সমৰ্থন জনাই বহিঃবিভাগৰ চিকিৎসা সেৱা সম্পূৰ্ণভাৱে বন্ধ ৰাখে।