হৰিনামৰ ধ্বনিৰে মুখৰিত কলিয়াবৰ - মধ্য অসম
🎬 Watch Now: Feature Video
বিহুৰ হুঁচৰিয়ে আজিও প্ৰাধান্য পাই আহিছে গ্ৰামাঞ্চলত । গাঁৱৰ গৃহস্থৰ চোতালে-চোতালে বছৰটোৰ কুশলাৰ্থে আশীৰ্বাদ দিবলৈ উপস্থিত হয় হুঁচৰি দল । বাপতি সাহোন ৰঙালী বিহুত হুঁচৰি গোৱাৰ যি পৰম্পৰা, সেই পৰম্পৰা অক্ষুণ্ণ ৰখা দেখিবলৈ পোৱা গ’ল কলিয়াবৰত । পুৰুষ-মহিলা, ডেকা-গাভৰু মিলি গাঁৱৰ প্ৰতিঘৰ গৃহস্থৰ চোতালত হুঁচৰি গাই পৰম্পৰা অটুট ৰখা পৰিলক্ষিত হয় । কলিয়াবৰত ঢোলৰ বিপৰীতে সংগত কৰা হয় খোল, নাগাৰা, বৰতাল, পাতিতাল, কৰতাল-ৰেপনি আদি । এতিয়া হৰিনামৰ হুঁচৰিৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে কলিয়াবৰৰ চৌপাশ । ব’হাগত গৃহস্থৰ চোতালত হুঁচৰি গাবলৈ অহা ৰাইজৰ পদধূলাই আশীষ ধন্য কৰি তুলিছে প্ৰতিঘৰ গৃহস্থক ।